Monday, July 30, 2018

* আইৰ বাবে এটি কবিতা *
+++++++++++++++++++++++++

আইৰ বাবে কবিতা লিখিম বুলি
ধৰিছিলো কলম ২০১১ চনতে
একোৱেই লিখা নহ'ল
কেৱল চাই ৰ'লো
ৰক্তস্ৰোতত তিতি গ'ল মোৰ কবিতাৰ কাগজখিলা
আৰু সদায় কাগজৰ বুকুত সৃষ্টি হ'ল
ৰঙা টিকটিকীয়া এটা শব্দ-- "অসমীয়া"।

দ্বিতীয়বাৰ আইৰ বাবে কবিতা লিখিম বুলি
ধৰিছিলো কলম ২০১৭ চনতে . . .
কিন্তু এইয়া কি
মোৰ খাতাৰ প্রতিটো পৃষ্ঠাত
পৰিছে ৰক্তৰ টোপাল
এজাক হিংস্র শগুণে আজুৰি নিব বিচাৰে
মোৰ হাতৰ কলম
মোৰ কবিতাৰ প্রতিটো অাখৰ
টানি চুবাই খাব ধৰিছে
শিয়াল, কুকুৰ আৰু হিংস্ৰ জন্তুৰ দল
লোহিত কণাত ডুবি গৈছো মই
মোৰ মুষ্টিত কবিতাৰ খাতা আৰু লেখনী
দহ মাহৰ অদম‍্য চেষ্টাত
আৰু লক্ষ লক্ষ প্রাণৰ ৰক্তকালিত
লিখি পেলালো এক বিষ্ময়কৰ কবিতা
নাম দিলো " অসমদেশ "।

আজি আকৌ ধৰিছো কলম
আইৰ বাবে কবিতা লিখিম বুলি ,
কলম ধৰোতেই পূর্ণ হৈ গ'ল
মোৰ খাতাৰ প্ৰতিটো পৃষ্ঠা . . . .
কিন্তু এইয়া কি
কবিতা ক'ত .?
মাত্ৰ এটি স্লোগান লিখিছো বাৰমবাৰ .,
আৰু সেইটো হৈছে---
"স্বৈৰাচাৰ নিপাত যাওঁক
গণতন্ত্র মুক্তি পাওঁক "
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . .

✍:- নৱজীৎ ( ৩০/৮/২০১৮)

Wednesday, July 25, 2018

মৃত্যু

*মৃত্যু*
++++++++++++
✍:- অৰূপ কুমাৰ পাতৰ

কেঁকুৰি গলিটোত অবিকল
পৰি থাকে দুখৰ ছায়া,
ৰাতি মাজ নিশা অমানৱতা হিংস্ৰুৰ
হয় তাণ্ডৱ  যাত্ৰা ।
অমানিশাৰ সেই বিৰ্বৰন ৰাতিটোতে
জোনাকীও লোকাই থাকে দীগন্তৰ সীমনাত,
এন্ধাৰে গ্ৰাস কৰে ক'ত সপোন নিঃস্বাৰ্থত।


ভাগৰুৱা দেহটোত অকল্পিত আত্মাৰ চিন
দুচকুত দুঃস্বপ্নৰ বিস্তাৰ,
লুপ্ত সময়ত,অৰ্থহীন ভাবনাই
মনলৈ আনে বহু হেপাঁহ জীৱনৰ ।

মুক্তিৰ পথ বিচাৰি কৰুণ কাম্য,
কিন্তু অন্ধ চেতনাই বাৰে বাৰে  দি যায়
মৃত্যুৰ জাননি।
আঙুলি ফাঁকেৰেই সৰি পৰে টোপা টোপে
অলেখ যন্ত্ৰণা গধুৰ তেজৰ চেকুৰা  ।

মানৱতাৰ অপমৃত্যু

* মানৱতাৰ অপমৃত্যু *
+++++++++++++++++++

📝:- নৱজীৎ দেউৰী


আজি মানৱতাৰ কথা কবলৈ আৰু একো নাই
মানুহৰ মাজতেই ল'লে আজি অমানুহে ঠাই ।

দিনৰ বেলিকাতে মানুহক মৰিয়াই মাৰে, 
ওচৰত থকা মানুহজনে ফটো তুলি থাকে ।

নাই মানৱতা আজি মানুহৰ মনত ? 
অসভ্যতাৰ জয়গান সভ্যতাৰ মুখত ।

ভাল মানুহৰ দাম নাই এই সাম্প্ৰতিক সমাজত,
অমানুহৰ দাম তীব্ৰতাৰে বাঢ়ে মুকলি বজাৰত ।

মানুহৰ মনত নাই আজি সততা-একতা,     
অকালতে মৃত্যু ঘটিল মানুহৰ মানৱতা  ।

কলম

* কলম *
++++++++++

 ✍:- নৱজীৎ দেউৰী

কলম, তুমি কত যে যুগ,
কত যে কাল ধৰি অক্ষৰে অক্ষৰে
কেৱল ক্লান্তিহীন কাহিনী লিখি থৈ গৈছা ।
কলম,  তুমি লিখা কাহিনীবোৰ
দুঃখত জ্বলা তৰাৰ দৰে ঝিকমিক ।

স্বপ্ন আৰু পুৰণি কত যে কথা
লিখি গৈছা সাহিত্যৰ দাসত্বৰ ক্ষুদিত বশ্যতা ।
ভগ্ন নিব, ৰুগ্ন দেহ, পানীৰ দৰে কালি,
কলম, তুমি নিৰাপদ
তথাপি যেন গালিগালাজ খাইছা
আৰু সহিছা কত লেখকৰ ঘৃণা ।

কলম, তুমি চেষ্টাৰ সৃষ্টিকাৰী
হে কলম! তুমি ইতিহাস লিখি
কেৱল থৈ দিছা চৌদিশে
তথাপি ইতিহাসে মূল্য দিয়া নাই তোমাক
জানো ইতিহাস বৰ কৃপণ;

কত লাঞ্ছনা, খাটনি হৈছা লেখকৰ হাতত
নিদ্ৰাহীন, অবিশ্রান্ত অজস্র ৰাতি ।
তোমাৰ গোপন অশ্রুৱেটো ফচল ফুলাই
বহু সাহিত্য বহু কাব্যৰ কিতাপত ওলাই
তেতিয়াও তোমাৰ নাম নাই লেখকৰ কৃতজ্ঞতাত ।

ক'ত যাবি এই ঈশ্বৰৰ চিন্তাত , লিখিবা কি লিখনী  ?
হে কলম ! হে লিখনী! আৰু কিমান দিন
ঘর্ষণত তুমি হ'বা ক্ষীণ ?
আৰু কিমান থাকিব তোৰ মৌন-মূক,
শব্দহীন দ্বিধান্বিত বুকুত
কালিৰ কলঙ্ক চিহ্ন ৰাখি ল'বা মুখত ।

আৰু কিমান কটাবি
দুঃসহ দিন, দুর্বাৰ লজ্জাত ?
এই দাসত্ব অন্ত যাওঁক,
এই কলঙ্ক মুচা যাওঁক আজি
কাম কৰা- কাম ।

নিবনুৱা দেখিছানে তুমি ?
হে কলম, দেখিছানে বেকাৰ মানুহ ?
বিদ্রোহ দেখিছানে তুমি ?
তেজত কিবা পোৱা নেকি শেঠ ?

কত যে শতাব্দী, যুগে যুগে তুমি
আজিও হৈ আছা দাস,
প্রত্যেক লিখনি শুনি কেবল তোমাৰ দীর্ঘশ্বাস!
দিন-ৰাতি নাই , শ্রান্তিহীন, নাই কোনো জিৰণি ।
এনেকৈয়ে পাৰ হয় তোমাৰ দুৰ্ভগীয়া সময়
দিন, মাহ, ঋতু , বছৰ, কাল,
কিমান টকাত কিনে তোমাক ?
হে কলম, তুমি ক্রীতদাস ।

কলম তুমি ! বিদ্রোহ কৰা আজি !
দল বান্ধি বিদ্ৰোহ কৰা
লেখকবোৰ স্তম্ভিত হওঁক ,
কেৰানীয়েও চাকৰি ইস্তফা দিয়ক
মহাজন বন্ধ হওঁক
বন্ধ হওঁক মজদুৰৰ পাপ;
উদ্বেগ-আকুল হওঁক দেশে দেশে 
কাইলৈ নথবা পেলাই
তেজেৰে ইতিহাস লিখি
দেৱালে দেৱালে আৰি ,
হে কলম,
কঢ়িয়াই আনা তোমাৰ সুনাম
তোমাৰ স্বাধীনতা চৌদিশে ।।

+++++++++++++++++++++++++

Anu kabya




* অণু কাব্য *
++++++++++++++

📝:- নৱজীৎ দেউৰী

নৰতেই আছে মাতৃত্ব
নৰতেই পূৰ্ণ প্রীতি ,
নৰতেই হয় যোজিত
নৰতেই ঘটে ইতি ।

নৰতেই আছে উত্থান
নৰতেই আছে পতন ,
নৰতেই আছে প্রণয় সিন্ধু
নৰতেই আছে ৰতন ।

নৰতেই আছে ব্যাপ্ত আশা
নৰতেই সুখৰ লহৰ ,
নৰতেই আছে প্রলয়লীলা
নৰতেই জুই বিচ্ছেদৰ ।

নৰতেই আছে প্রশান্তি
নৰতেই আছে ক্ষয় ,
নৰতেই আছে প্রতিপত্তি
নৰতেই বিজয় ।

নৰতেই আছে পৰম তত্ত্ব
নৰতেই সপোন-সঞ্চয় ,
নৰতেই আছে দশাপাক
নৰতেই দৃঢ় প্রত্যয় ।

নৰতেই আছে ৰসৰাজ
নৰতেই আছে ছল ,
নৰতেই আছে পৰাজয়
নৰতেই বিহ্বল ।
+++++++++++++++++++
(শব্দাৰ্থ

দশাপাক :- ভাগ্য পূৰ্ণ
যোজিত:- যুঁজ, লগ লগা
ছল:- প্ৰতাৰণা, ফাঁকি
বিহ্বল:- ব্যাকুল, শোক
)http://morigaon21.blogspot.com/2018/07/অণু কাব্য.html
+ কবি +
++++++++++++++++

     ✍:- নৱজীৎ দেউৰী
    দূৰভাষ:- ৯৩৬৫২০২৯৬২

কবিবোৰ খুব নিৰীহ প্রাণী

তুমি তেওঁক জুইত দলিয়াই দি
তুমি তোমাৰ বুকুত হাত থোৱা
দেখিবা, তুমি অলপো জ্বলা নাই
কিন্তু কবিবোৰ দাও দাও কৈ জ্বলে
অথচ, তেওঁ মুখেৰে একো নকয় ।

কবিক তুমি পানীত দলিয়াই দি
তুমি তোমাৰ দেহত হাত ৰাখা
দেখিবা, তুমি অলপো তিতা নাই
ব্যথাৰে অতল দুচকুৰ চকলো
কবিয়েহে জানে,
কিন্তু তেওঁ তোমাক নেদেখুৱাই ।

যি পথেদি মানুহ গ'লে হেৰাই যায়
সেই পথত কবিক ঠেলা মাৰি চোৱা
তেওঁ কেৱল খোজ আগবঢ়াব
গুচি যাব সিমান দূৰ
যিমান দূৰ গ'লে তুমি তেওঁক পাহৰি যাবা,
কিন্তু তেওঁ তোমাক নাপাহৰে ।

নদীৰ দৰে বৈ যাব
ধীৰে ধীৰে ক্ষয় যাব
অথচ, তেওঁ মুখেৰে একো নকব ।

পথিক

* পথিক *
++++++++++++

📝:- নৱজীৎ দেউৰী


#পথিকৰ বেশেৰে
ৰুক্ষ মৰুভুমিৰ পথেদি
গৈ থাকোতে
তোমাক দেখিছিলো
মৰিচিকা নে কি নাজানো  !

খৰ্ খৰ্ শুকাই গ'ল ওঁঠ
ঊর্ধ্বশ্বাসত টেঁটু শুকাই গ'ল
তথাপি প্রবল উৎসাহেৰে
দৌৰিয়েই থাকিলো ।

মোৰ ক্লান্ত পিপাসার্ত, 
শৰীৰত শক্তি জোগাইছিল
তোমাৰ অবয়ব ফুৰফুৰ
এজাক বতাহে ,
তোমাৰ উৰন্ত পোচাকজোৰে
স্নিগ্ধতা দিছিল মোক।

কোমল পৰশ আছিল তোমাৰ
ওঁঠৰ হাঁহিৰ মাজত,
দুহাত মেলি মোক
মাতিছিলা তুমি ।

ত্যাগ কৰিছো মই ৰাতি-দিন
দিশহাৰা হৈ তোমাৰ দুহাত চুবলৈ
লৌৰি ফুৰিছো এজন পথিক হৈ ।।
" ভয় "

✍:- নৱজীৎ দেউৰী 

জীবনক যিয়ে ভয় কৰে 
স্ব ইচ্ছাৰে সি মৰে
যিয়ে মৃত্যুক ভয় কৰে 
মৃত্যুৱে তাক নেৰে ।

এনেকুৱা মানুহ ক'ত পাম
যিয়ে এবাৰো মৰা নাই  ? 

Durniti

* দুর্নীতি *
++++++++++++++++++

✍:- নৱজীৎ দেউৰী

যদি শিক্ষাই এটা জাতিৰ মেৰুদণ্ড হয়
তেন্তে শিক্ষিত মানুহবোৰ কিয় আজি
টেবুলৰ তলেদি আশাৰ হাত পাতি ৰয় ?
শূন্য হাতেৰে কলম নচলে,  চৌদিশে অবক্ষয়,
নীতিহীনে আজি নীতিবান হৈ ডাঙৰ ডাঙৰ কথা কয় ।

টেবুলে টেবুলে ফাইলৰ দম
মাহৰ পিছত মাহ যায়, কেৱল অবহেলা
টকা দিলেহে হাত ভৰি দুয়োটাই চলে ।
কি দোষ দিম তেওঁক ? চাকৰীও নহয় ইমান সস্তা,
পদ খালি থাকক বা নাথাকক লাগে টকাৰ বস্তা ।

ইয়াতেই আমাৰ স্বাধীনতাৰ প্ৰথম পৰাজয় ।


হাতে লুতে ধৰা পৰা বহুতো দেখিছো
পেপাৰে পত্ৰৰে দিয়ে তাৰ ছবি তুলি
কিছু দিন পাৰ হ'লেই সকলোৱে পাহৰি যায়
নতুন খবৰ পাই, দোষীবোৰ এনেকৈ সাৰি যায় ।
এনেকৈয়ে চলিছে দুর্নীতি, ধ্বংসৰ পথত অগ্ৰসৰ দেশ,
মানুহে মানুহে কামুৰা কামৰি সততা নিৰুদ্দেশ ।
+++++++++++++++++++++++++++++++++++++

Sunday, May 6, 2018

" আৰম্ভনি নোহোৱা এটা কবিতা " °°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°° ✒:- নৱজীৎ দেউৰী _________________________________ মন যায়,মন যায়...... মোৰ ও মন যায়.... কবিতা কবিতা লগা ছোৱালীজনীক এবাৰ লগ পাবলৈ, বেলিটো লহিওৱাৰ পৰত চাদৰৰ আচলৰ ভাজত জিলিকি উঠা তাইৰ সেন্দুৰীয়া অভিমানী হাঁহিটি, চাওঁ কি নাচাওঁ চলেৰে চোৱা মিঠা চাওনি, যেন কল্পনাৰ বেহেলাতে বাজি ৰ'ব অজৰ-অমৰ.... তথাপিতো আৰম্ভ নহ'ব কবিতাটি । পলকতে চিনাকী হৈ পৰা নষ্টালজিক আবেলিৰ পলবোৰ ক্ৰমশঃ সময়ৰ গৰ্ভত হেৰাই যায়, নিশ্চিহ্ন হয় হেজাৰ খোজ.... তেনেকৈয়ে... বুজা-নুবুজাৰ মাজত মোৰ অপৰাধ ডায়েৰীৰ পাতত তাই স্মৃতি হৈ ৰ'ল, আশা- নিৰাশাৰ মাজত আৰম্ভনি নোহোৱা এটা কবিতা মৌনতাৰে পৰিসমাপ্তি হ'ল । _______________________


মোৰ কবিতা