Wednesday, July 25, 2018

কলম

* কলম *
++++++++++

 ✍:- নৱজীৎ দেউৰী

কলম, তুমি কত যে যুগ,
কত যে কাল ধৰি অক্ষৰে অক্ষৰে
কেৱল ক্লান্তিহীন কাহিনী লিখি থৈ গৈছা ।
কলম,  তুমি লিখা কাহিনীবোৰ
দুঃখত জ্বলা তৰাৰ দৰে ঝিকমিক ।

স্বপ্ন আৰু পুৰণি কত যে কথা
লিখি গৈছা সাহিত্যৰ দাসত্বৰ ক্ষুদিত বশ্যতা ।
ভগ্ন নিব, ৰুগ্ন দেহ, পানীৰ দৰে কালি,
কলম, তুমি নিৰাপদ
তথাপি যেন গালিগালাজ খাইছা
আৰু সহিছা কত লেখকৰ ঘৃণা ।

কলম, তুমি চেষ্টাৰ সৃষ্টিকাৰী
হে কলম! তুমি ইতিহাস লিখি
কেৱল থৈ দিছা চৌদিশে
তথাপি ইতিহাসে মূল্য দিয়া নাই তোমাক
জানো ইতিহাস বৰ কৃপণ;

কত লাঞ্ছনা, খাটনি হৈছা লেখকৰ হাতত
নিদ্ৰাহীন, অবিশ্রান্ত অজস্র ৰাতি ।
তোমাৰ গোপন অশ্রুৱেটো ফচল ফুলাই
বহু সাহিত্য বহু কাব্যৰ কিতাপত ওলাই
তেতিয়াও তোমাৰ নাম নাই লেখকৰ কৃতজ্ঞতাত ।

ক'ত যাবি এই ঈশ্বৰৰ চিন্তাত , লিখিবা কি লিখনী  ?
হে কলম ! হে লিখনী! আৰু কিমান দিন
ঘর্ষণত তুমি হ'বা ক্ষীণ ?
আৰু কিমান থাকিব তোৰ মৌন-মূক,
শব্দহীন দ্বিধান্বিত বুকুত
কালিৰ কলঙ্ক চিহ্ন ৰাখি ল'বা মুখত ।

আৰু কিমান কটাবি
দুঃসহ দিন, দুর্বাৰ লজ্জাত ?
এই দাসত্ব অন্ত যাওঁক,
এই কলঙ্ক মুচা যাওঁক আজি
কাম কৰা- কাম ।

নিবনুৱা দেখিছানে তুমি ?
হে কলম, দেখিছানে বেকাৰ মানুহ ?
বিদ্রোহ দেখিছানে তুমি ?
তেজত কিবা পোৱা নেকি শেঠ ?

কত যে শতাব্দী, যুগে যুগে তুমি
আজিও হৈ আছা দাস,
প্রত্যেক লিখনি শুনি কেবল তোমাৰ দীর্ঘশ্বাস!
দিন-ৰাতি নাই , শ্রান্তিহীন, নাই কোনো জিৰণি ।
এনেকৈয়ে পাৰ হয় তোমাৰ দুৰ্ভগীয়া সময়
দিন, মাহ, ঋতু , বছৰ, কাল,
কিমান টকাত কিনে তোমাক ?
হে কলম, তুমি ক্রীতদাস ।

কলম তুমি ! বিদ্রোহ কৰা আজি !
দল বান্ধি বিদ্ৰোহ কৰা
লেখকবোৰ স্তম্ভিত হওঁক ,
কেৰানীয়েও চাকৰি ইস্তফা দিয়ক
মহাজন বন্ধ হওঁক
বন্ধ হওঁক মজদুৰৰ পাপ;
উদ্বেগ-আকুল হওঁক দেশে দেশে 
কাইলৈ নথবা পেলাই
তেজেৰে ইতিহাস লিখি
দেৱালে দেৱালে আৰি ,
হে কলম,
কঢ়িয়াই আনা তোমাৰ সুনাম
তোমাৰ স্বাধীনতা চৌদিশে ।।

+++++++++++++++++++++++++

No comments:

Post a Comment