Monday, July 30, 2018

* আইৰ বাবে এটি কবিতা *
+++++++++++++++++++++++++

আইৰ বাবে কবিতা লিখিম বুলি
ধৰিছিলো কলম ২০১১ চনতে
একোৱেই লিখা নহ'ল
কেৱল চাই ৰ'লো
ৰক্তস্ৰোতত তিতি গ'ল মোৰ কবিতাৰ কাগজখিলা
আৰু সদায় কাগজৰ বুকুত সৃষ্টি হ'ল
ৰঙা টিকটিকীয়া এটা শব্দ-- "অসমীয়া"।

দ্বিতীয়বাৰ আইৰ বাবে কবিতা লিখিম বুলি
ধৰিছিলো কলম ২০১৭ চনতে . . .
কিন্তু এইয়া কি
মোৰ খাতাৰ প্রতিটো পৃষ্ঠাত
পৰিছে ৰক্তৰ টোপাল
এজাক হিংস্র শগুণে আজুৰি নিব বিচাৰে
মোৰ হাতৰ কলম
মোৰ কবিতাৰ প্রতিটো অাখৰ
টানি চুবাই খাব ধৰিছে
শিয়াল, কুকুৰ আৰু হিংস্ৰ জন্তুৰ দল
লোহিত কণাত ডুবি গৈছো মই
মোৰ মুষ্টিত কবিতাৰ খাতা আৰু লেখনী
দহ মাহৰ অদম‍্য চেষ্টাত
আৰু লক্ষ লক্ষ প্রাণৰ ৰক্তকালিত
লিখি পেলালো এক বিষ্ময়কৰ কবিতা
নাম দিলো " অসমদেশ "।

আজি আকৌ ধৰিছো কলম
আইৰ বাবে কবিতা লিখিম বুলি ,
কলম ধৰোতেই পূর্ণ হৈ গ'ল
মোৰ খাতাৰ প্ৰতিটো পৃষ্ঠা . . . .
কিন্তু এইয়া কি
কবিতা ক'ত .?
মাত্ৰ এটি স্লোগান লিখিছো বাৰমবাৰ .,
আৰু সেইটো হৈছে---
"স্বৈৰাচাৰ নিপাত যাওঁক
গণতন্ত্র মুক্তি পাওঁক "
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . .

✍:- নৱজীৎ ( ৩০/৮/২০১৮)

No comments:

Post a Comment