Sunday, May 6, 2018

" আৰম্ভনি নোহোৱা এটা কবিতা " °°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°° ✒:- নৱজীৎ দেউৰী _________________________________ মন যায়,মন যায়...... মোৰ ও মন যায়.... কবিতা কবিতা লগা ছোৱালীজনীক এবাৰ লগ পাবলৈ, বেলিটো লহিওৱাৰ পৰত চাদৰৰ আচলৰ ভাজত জিলিকি উঠা তাইৰ সেন্দুৰীয়া অভিমানী হাঁহিটি, চাওঁ কি নাচাওঁ চলেৰে চোৱা মিঠা চাওনি, যেন কল্পনাৰ বেহেলাতে বাজি ৰ'ব অজৰ-অমৰ.... তথাপিতো আৰম্ভ নহ'ব কবিতাটি । পলকতে চিনাকী হৈ পৰা নষ্টালজিক আবেলিৰ পলবোৰ ক্ৰমশঃ সময়ৰ গৰ্ভত হেৰাই যায়, নিশ্চিহ্ন হয় হেজাৰ খোজ.... তেনেকৈয়ে... বুজা-নুবুজাৰ মাজত মোৰ অপৰাধ ডায়েৰীৰ পাতত তাই স্মৃতি হৈ ৰ'ল, আশা- নিৰাশাৰ মাজত আৰম্ভনি নোহোৱা এটা কবিতা মৌনতাৰে পৰিসমাপ্তি হ'ল । _______________________


মোৰ কবিতা